Posts

Showing posts from October, 2022

*কৃতকাৰ্য্যতা লাভ কৰিব পৰা কেইটামান কৌশল*

Image
১,  যোগাত্মক আত্মসন্মান গঢ়ি তুলিব লাগিব । ২,  যোগাত্মক স্বভাৱ আৰু চৰিত্ৰ গঠন কৰিব লাগিব । ৩,   যোগাত্মক দৃষ্টিভংগী গঠন কৰিব লাগিব  । ৪,  প্ৰফুল্লিত ব্যক্তিত্ব গঠন কৰিব লাগিব। ৫, নিজৰ লক্ষ্য স্থিৰ কৰি সেই লক্ষ্যত উপনীত হ'বলৈ পৰিকল্পিত ভাৱে সঠিক কৌশল প্ৰয়োগ কৰিব লাগিব।

* সফল জীৱনৰ সাধনাৰ মন্ত্ৰ *

Image
১। মৌন হৈ থাকিলে মূৰ্খয়ো বিদ্বানসকলৰ শাৰীত আহি পৰে ।  ২। কি, ক'ত, কাক, কোনে, কেনেকৈ, কেতিয়া, এই ছয়টা আমাৰ বন্ধু, ইয়াক বিশ্লেষণ কৰি থাকিলে আমাৰ মন মস্তিষ্ক সদায় খোলা থাকিব  ।  ৩। যিজন লেখকৰ কল্পনা কৰিব পৰা শক্তি আৰু অনুভৱ কৰাৰ শক্তি আছে তেওঁৰ লগত কোনেও প্ৰতিদ্বন্দিতা কৰিব নোৱাৰে ।  ৪। ভাল কথাবোৰ মনত ৰাখিব লাগে আৰু বেয়া ঘটনাবোৰ পাহৰি যাব লাগে ।  ৫। বিনম্ৰতা আৰু সমৰ্পণ ভাবেৰে যুক্ত ছাত্ৰইহে গুৰুজনাৰ পৰা জ্ঞান প্ৰাপ্ত কৰিব পাৰে ।  ৬। শান্ত অবস্থাত থাকিলে মস্তিষ্কই অধিক ‌সুচাৰুৰূপে নিজৰ কাম কৰিব পাৰে, আমি যিমান পাৰো শান্ত হৈ থাকিবৰ যত্ন কৰিব লাগে  ।  ৭। মই নতুন কি পালো, নতুন কি কথা জানিলো, নতুন কথা কি শিকিলো এইদৰে চিন্তা কৰিলে সদায় কিবা নহয় কিবা এটা জানিবলৈ আগ্ৰহ হ'ব, আৰু ইয়াৰ আধাৰত জ্ঞান সদায় বৃদ্ধি হৈ থাকিব ।  ৮। প্ৰত্যেক ব্যক্তিয়ে এই কথা অনুভৱ কৰিব লাগে যে তেওঁৰ কিমান অজ্ঞানতা আছে । তেওঁ কিমান কথা জানে। জ্ঞানী হ'বৰ কাৰণে নিজৰ অজ্ঞানতা জনা দৰকাৰ ।

* মহৎ লোকৰ বাণী *

                      *মহৎ লোকৰ বাণী* ১। " আদৰ্শহীন মানুহ গুৰি বঠা নোহোৱা নাৱৰ দৰে "-- মহাত্মা গান্ধী ২। " আমি বিশেষ কোনো জাতি ধৰ্ম বা আদৰ্শৰ সপক্ষে নহওঁ, মানবতাই আমাৰ লক্ষ্য, শান্তিয়েই আমাৰ কাম্য "---ডাঃ ৰাধাকৃষ্ণন ৩। " সোণৰ দ্ৰাবক সুৱগা, কামৰ দ্ৰাবক অভ্যাস " - - - সত্যনাথ বৰা ৪। " জয় গুৰু শঙ্কৰ সৰ্ব গুণাকৰ যাকেৰি নাহিকে উপাম তোহাৰি চৰণকু ৰেণুশত কোটি বাৰেক কৰোঁহো প্ৰণাম "----- মাধৱদেৱ ৫।" খঙৰ বশীভুত হৈ কাম কৰিব নেপায়, খং কৰি কৰা কামৰ বিষময় ফলৰ কথা চিন্তা কৰি খং দমন কৰিব লাগে " ---- কনফুচিয়াচ ৬। " শিক্ষাই হৈছে মূল উপায়, যি মানুহৰ জীৱনলৈ সুখ আৰু শান্তিৰ নিজৰা বোৱাই আনিব পাৰে " ---- এৰিষ্টটল ৭। " শিক্ষাই জ্ঞান, জ্ঞানেই শক্তি " ---- চক্ৰেটিছ ৮। " সকলো কথাতে সাধুতা বজাই ৰাখিব লাগে "---- ফুচিযাচ  ৯। " ব্ৰাহ্মণ, শূদ্ৰ, হিন্দু, মুছলমান ঈশ্বৰৰ চকুত সকলো সমান " ------ গুৰুনানক  ১০। " লোকৰ দোষ ধৰাটো বুদ্ধিমানৰ কাম, কিন্তু নিজক নিৰ্দোষী কৰাটো তাতোকৈ বুদ্ধিমানৰ কাম "---- মহাত্মা গান্ধী ১১। ...

গান্ধী জয়ন্তী

Image
গান্ধী জয়ন্তী