* সফল জীৱনৰ সাধনাৰ মন্ত্ৰ *
১। মৌন হৈ থাকিলে মূৰ্খয়ো বিদ্বানসকলৰ শাৰীত আহি পৰে ।
২। কি, ক'ত, কাক, কোনে, কেনেকৈ, কেতিয়া, এই ছয়টা আমাৰ বন্ধু, ইয়াক বিশ্লেষণ কৰি থাকিলে আমাৰ মন মস্তিষ্ক সদায় খোলা থাকিব ।
৩। যিজন লেখকৰ কল্পনা কৰিব পৰা শক্তি আৰু অনুভৱ কৰাৰ শক্তি আছে তেওঁৰ লগত কোনেও প্ৰতিদ্বন্দিতা কৰিব নোৱাৰে ।
৪। ভাল কথাবোৰ মনত ৰাখিব লাগে আৰু বেয়া ঘটনাবোৰ পাহৰি যাব লাগে ।
৫। বিনম্ৰতা আৰু সমৰ্পণ ভাবেৰে যুক্ত ছাত্ৰইহে গুৰুজনাৰ পৰা জ্ঞান প্ৰাপ্ত কৰিব পাৰে ।
৬। শান্ত অবস্থাত থাকিলে মস্তিষ্কই অধিক সুচাৰুৰূপে নিজৰ কাম কৰিব পাৰে, আমি যিমান পাৰো শান্ত হৈ থাকিবৰ যত্ন কৰিব লাগে ।
৭। মই নতুন কি পালো, নতুন কি কথা জানিলো, নতুন কথা কি শিকিলো এইদৰে চিন্তা কৰিলে সদায় কিবা নহয় কিবা এটা জানিবলৈ আগ্ৰহ হ'ব, আৰু ইয়াৰ আধাৰত জ্ঞান সদায় বৃদ্ধি হৈ থাকিব ।
৮। প্ৰত্যেক ব্যক্তিয়ে এই কথা অনুভৱ কৰিব লাগে যে তেওঁৰ কিমান অজ্ঞানতা আছে । তেওঁ কিমান কথা জানে। জ্ঞানী হ'বৰ কাৰণে নিজৰ অজ্ঞানতা জনা দৰকাৰ ।
Comments
Post a Comment