* মহৎ লোকৰ বাণী *
*মহৎ লোকৰ বাণী*
১। " আদৰ্শহীন মানুহ গুৰি বঠা নোহোৱা নাৱৰ দৰে "-- মহাত্মা গান্ধী
২। " আমি বিশেষ কোনো জাতি ধৰ্ম বা আদৰ্শৰ সপক্ষে নহওঁ, মানবতাই আমাৰ লক্ষ্য, শান্তিয়েই আমাৰ কাম্য "---ডাঃ ৰাধাকৃষ্ণন
৩। " সোণৰ দ্ৰাবক সুৱগা, কামৰ দ্ৰাবক অভ্যাস " - - - সত্যনাথ বৰা
৪। " জয় গুৰু শঙ্কৰ সৰ্ব গুণাকৰ
যাকেৰি নাহিকে উপাম
তোহাৰি চৰণকু ৰেণুশত কোটি
বাৰেক কৰোঁহো প্ৰণাম "----- মাধৱদেৱ
৫।" খঙৰ বশীভুত হৈ কাম কৰিব নেপায়, খং কৰি কৰা কামৰ বিষময় ফলৰ কথা চিন্তা কৰি খং দমন কৰিব লাগে " ---- কনফুচিয়াচ
৬। " শিক্ষাই হৈছে মূল উপায়, যি মানুহৰ জীৱনলৈ সুখ আৰু শান্তিৰ নিজৰা বোৱাই আনিব পাৰে " ---- এৰিষ্টটল
৭। " শিক্ষাই জ্ঞান, জ্ঞানেই শক্তি " ---- চক্ৰেটিছ
৮। " সকলো কথাতে সাধুতা বজাই ৰাখিব লাগে "---- ফুচিযাচ
৯। " ব্ৰাহ্মণ, শূদ্ৰ, হিন্দু, মুছলমান ঈশ্বৰৰ চকুত সকলো সমান " ------ গুৰুনানক
১০। " লোকৰ দোষ ধৰাটো বুদ্ধিমানৰ কাম, কিন্তু নিজক নিৰ্দোষী কৰাটো তাতোকৈ বুদ্ধিমানৰ কাম "---- মহাত্মা গান্ধী
১১। "ভূল আঁতৰাই সত্য প্ৰতিষ্ঠা কৰাটোৱেই শিক্ষাৰ মূল লক্ষ্য "। - চক্ৰেটিছ
১২. " জগতত জীয়াই থাকিবলৈ প্ৰেম আৰু সাহসৰ অতি প্ৰয়োজন "। - অব্ৰাহাম লিংকন
১৩. " এজন বিশ্বাসী বন্ধু হৈছে জীৱনৰ মহৌষধ "। - টিৰুক কুৰাল
১৪। " যন্ত্ৰণাই এটা বিশেষ সীমা অতিক্ৰম কৰাৰ পিছত মানুহে তাৰ প্ৰতি নিৰ্বিকাৰ শক্তি অৰ্জন কৰে " ---- মাৰ্চেল প্ৰাষ্ট
১৫। " আধুনিক সমাজত আটাইতকৈ ভয় কৰিবলগীয়া মানুহজন হ'ল সাধাৰণ মানুহ " ------ চি. ভি. উৰেজউদ
====***====
Comments
Post a Comment